অসম

টিহু মহাবিদ্যালয়ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰৰ শুভেচ্ছা জ্ঞাপন

প্ৰথম খবৰ, পংকজ বেজবৰুৱা, টিহু : ১৯৬৩ খৃষ্টাব্দৰ ৪ জুলাইত টিহু মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল । টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰে অসমৰ উচ্চ শিক্ষাৰ আগশাৰীৰ অন্যতম অনুষ্ঠানখনিৰ আজি ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত যিসকল বৰেণ্য ব্যক্তিৰ উদ্যোগ তথা অশেষ কষ্টৰ ফলত মহাবিদ্যালয়খন স্থাপন হৈছিল, তেওঁলোকলৈ মহাবিদ্যালয়ৰ তৰফৰপৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।

ইহসংসাৰৰপৰা বিদায় লোৱা মহাবিদ্যালয়খনিৰ প্ৰাক্তন–অৱসৰপ্ৰাপ্ত অধ্যক্ষ, শিক্ষক–কৰ্মচাৰীসকললৈও আন্তৰিক শ্ৰদ্ধা নিৱেদন কৰি অধ্যক্ষ ডঃ তালুকদাৰে অৱসৰপ্ৰাপ্ত শিক্ষক–কৰ্মচাৰী, প্ৰাক্তন ছাত্ৰ–ছাত্ৰী, অভিভাৱক–অভিভাৱিকাসকল, পৰিচালনা সমিতিৰ প্ৰাক্তন আৰু বৰ্তমানৰ সভাপতি আৰু সদস্য-সদস্যাসকল, কৰ্মৰত শিক্ষক–কৰ্মচাৰীসকল, টিহু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলক এই শুভক্ষণত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ।

সদৌটিলৈ ঘৰতে থকা আৰু কুশলে থকাৰ কামনাৰে টিহুৱাসীৰ সহায় সহযোগিতা অবিহনে উচ্চ শিক্ষাৰ এই মহান অনুষ্ঠানখনিক সুচাৰুৰূপে আগবঢ়াই নিয়াতো অসম্ভৱ বুলি দোহাৰি সকলোকে হাতে-হাত ধৰি আটাইৰে মৰম আৰু গৌৰৱৰ এই মহাবিদ্যালয়খনিক সৰ্বতোপ্ৰকাৰে আগবঢ়াই নিবলৈ আহ্বান জনাইছে ।

Related Articles

Leave a Reply

Close