অসমশীৰ্ষ

ডুমডুমাত খহনীয়া ৰোধৰ বাবে জিঅ’ বেগৰ কাম আৰম্ভ

প্ৰথম খবৰ , কুলধৰ বৰ্মণ, ডুমডুমা : ডুমডুমাৰ ১ নং ৱাৰ্ডৰ কুমাৰ পট্টি অঞ্চলত ডিব্ৰু নৈৰ দাঁতিত থকা ৩৫ টাৰ ওপৰ অনুসূচিত জাতি পৰিয়াললৈ প্ৰৱল খহনীয়াৰ ভাবুকি আহি পৰাত বিষয়টো চৰকাৰৰ জল সম্পদ বিভাগক অৱগত কৰাত তৎকালে আজি উক্ত খহনীয়া অঞ্চলৰ ১০০ মিটাৰ অংশত জিঅ’ নেট আৰু জিঅ’ বেগৰ কাম আৰম্ভ কৰাত ক্ষতিগ্ৰস্ত মৎস্যজীৱি পৰিয়ালকেইটাই স্বস্তিৰ নিশ্বাস পেলাইছে ।

আজি সমাজকৰ্মী অৰ্জুন বৰুৱাই আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰি আৰু নাৰিকল ভাঙি কামটোৰ শুভাৰম্ভ ঘটায় । জিলা প্ৰশাসন আৰু জল সম্পদ বিভাগৰ উপৰিও কামটো খৰতকীয়াকৈ আৰম্ভ কৰাত বিশেষ অৰিহণা যোগোৱা লখিমপুৰ সংসদীয় সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ প্ৰতিনিধি মুলেন্দ্ৰ মৰাণে বিশেষ তৎপৰতা গ্ৰহণ কৰা বাবে আৰম্ভণি অনুষ্ঠানটোৰ বক্তৃতা প্ৰসঙ্গত অৰ্জুন বৰুৱাই তেওঁৰ বিশেষ শলাগ লয় ।

মুলেন্দ্ৰ মৰাণৰ উপৰিও অনুষ্ঠানটোত জল সম্পদ বিভাগৰ প্ৰাধিকাৰী অবিনাশ দাস, সহকাৰী অভিযন্তাদ্বয় প্ৰভাত বড়ো আৰু ৰাজীৱ গোঁহাই, ঠিকাদাৰ পি চেতিয়া, বিজেপি দলৰ কৰ্মীসকল ক্ৰমে তৃষ্ণা বাগলাৰী দুবে, কৌশল গুপ্তা, বিনোদ বুদিয়া, প্ৰবোধ বৰুৱা আদিয়ে যোগদান কৰে

Related Articles

Leave a Reply

Close