অসমশীৰ্ষ

ডুমডুমাত মটৰচাইকেল দুৰ্ঘটনাত যুৱকৰ মৃত্যু : দায়িত্বজ্ঞানহীন ভাবে পথৰ ওপৰত বাহন ৰখাই থোৱাৰ ফলতেই এই দুৰ্ঘটনা হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ

প্ৰথম খবৰ, কুলধৰ বৰ্মণ, ডুমডুমা : ডুমডুমা চহৰৰ মাজমজিয়াৰ আজাদ ৰোড পথত কালি আবেলি সংঘটিত হোৱা এক ভয়ংকৰ মটৰচাইকেল দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা এজন যুৱকৰ নিশা চিকিৎসালয়ত মৃত্যু হোৱা ঘটনাই আজাদ ৰোড এলেকাত গভীৰ শোক ছাঁ পৰিছে ।

ঘটনাৰ বিষয়ে জানিব পৰা মতে ডুমডুমাৰ সমীপৰ দুৱাৰমৰা কাকজানৰ অমৰ প্ৰধানৰ পুত্ৰ দিবাকৰ প্ৰধান ওৰফে আকাশ (১৮) এ জীবিকাৰ সন্ধানত ঘৰৰ পৰা ডুমডুমালৈ আহি এখন ৰেষ্টুৰেন্টত কিছুদিন কাম কৰাৰ পাছতে ৰেষ্টুৰেন্ট বন্ধ হৈ যোৱাত লগৰ দুজনমান বন্ধুৰ সৈতে আজাদ ৰোডত এটা ভাড়া ঘৰত থাকি অন্য কামৰ সন্ধান কৰি আছিল ।

কালি আবেলি প্ৰায় ৩ মান বজাত বন্ধু এজনৰ AS-23-U-5092 নম্বৰৰ মটৰচাইকেলখনেৰে ৰূমৰ পৰা বজাৰলৈ গৈ উভতি অহাৰ সময়ত ৰূম পাবলৈ মাত্ৰ ৫০ মিটাৰমান বাট থাকোতেই নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষতে ৰখাই থোৱা এখন ৪০৭ ট্ৰাকত খুন্দিয়াই ৰাস্তাতে বাগৰি পৰাৰ ফলত হাত, মূখ আৰু বুকুত গুৰুতৰভাবে আঘাত পাই ।

এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে আকাশৰ বন্ধুকেইজন আৰু ওচৰ-চুবুৰীয়া ওলাই আহি চিকিৎসালয়লৈ নিবলৈ ১০৮ এম্বুলেঞ্চ সেৱাৰ সৈতে যোগাযোগ কৰি বিফল হোৱাত ডুমডুমা আৰক্ষী থানাত দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰি এখন ই-ৰিক্সাত ডুমডুমা এফ আৰ ইউলৈ আনে যদিও এনে দুৰ্ঘটনাৰ চিকিৎসা কৰাৰ কোনো ধৰণৰ সুবিধা নথকা ডুমডুমা অঞ্চলৰ একমাত্ৰ চৰকাৰী চিকিৎসালয়খনত সেই সময়ত কৰ্মৰত চিকিৎসক তথা নাৰ্চে নামমাত্ৰ চিকিৎসা প্ৰদান কৰিয়েই তিনিচুকীয়ালৈ লৈ যোৱাৰ পৰামৰ্শ দিয়ে ।

সেই সময়লৈকে আকাশৰ অভিভাৱক আহি নোপোৱাত বন্ধু কেইজনেই পুনৰ এখন মেজিকত তিনিচুকীয়াৰ গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়লৈ নিয়ে ।

তিনিচুকীয়াতো যুৱকজনৰ অৱস্থা দেখি চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে ক’ভিড-১৯ পজিটিভ ৰোগীক অনাৰ কামত নিয়োজিত হৈ থকা বাবে অন্য ৰোগী অনা-নিয়াৰ বাবে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠা ১০৮ আৰু ১০২ এম্বুলেঞ্চ তিনিচুকীয়াতো নোপোৱাৰ বাবে দুখীয়া পৰিয়ালটোৱে আকাশৰ বন্ধুকেইজনৰ সহযোগত অক্সিজেনৰ ব্যৱস্থা থকা এখন ব্যক্তিগত বাহনত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ নিয়ে আৰু চিকিৎসকে অশেষ চেষ্টা চলাই যদিও নিশা প্ৰায় ১১-৩০ মান বজাত যুৱকজনৰ মৃত্যু হয় ।

আনহাতে যুৱকজনৰ এনে আকস্মিক মৃত্যুৰ পাছত আজাদ ৰোডৰ নিবাসী সকলে অভিযোগ উত্থাপিত কৰিছে যে প্ৰতিদিনেই আজাদ ৰোড এলেকাটোৰ দুয়োকাষে বিভিন্নজনে ব্যক্তিগত সৰু বাহনৰ লগতে ট্ৰাক আদি দিনৰ পিছত দিন ধৰি ৰাস্তাটোৰ ওপৰতে ৰখাই থয় আৰু তাৰ ফলশ্ৰুতিতেই কালি আৱেলি হোৱা দুৰ্ঘটনাটোত যুৱকজনে প্ৰাণ হেৰুৱাবলগীয়া হয় ।

আনহাতে কালি যিখন ট্ৰাকৰ লগত দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই ট্ৰাকখনৰ গৰাকীয়ে নিশা ৰাস্তাৰ ওপৰৰ পৰা ট্ৰাকখন আঁতৰাই পঠিওৱা কাৰ্যই এক তাৎপৰ্য বহন কৰিছে ।       

Related Articles

Leave a Reply

Close