Uncategorized

ধাৰাবাহিক ক’ৰোনা ৰোগীৰ উপস্থিতিয়ে আতংকিত কৰিছে উত্তৰ গুৱাহাটীবাসীক, দ্ৰুতগতিত বৃদ্ধি পাইছে কভিড-১৯ পজিটিভ

প্ৰথম খবৰ, পঙ্কজ নাথ, চাংসাৰি : ধাৰাবাহিক ক’ৰোনা ৰোগীৰ উপস্থিতিয়ে আতংকিত কৰিছে এতিয়া উত্তৰ গুৱাহাটীবাসীক। উত্তৰ গুৱাহাটীত এজন এজনকৈ দৈনিক ওলাইছে ক’ৰোনা পজিটিভ। আজি পুনৰ এজন কভিড-১৯ পজিটিভ ৰজাদুৱাৰত পোৱা গৈছে ।


ব্যক্তিগৰাকীৰ নাম গুণাৰাম গগৈ।গুণৰাম গগৈ গুৱাহাটী পুলিচ ৰিজাৰ্ভৰ আৰক্ষী । গগৈৰ দেহত কভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পিছতে জি এম চিতএইচলৈ প্ৰেৰণ কৰা হৈছে ।

ইতিমধ্যে গুণাৰাম গগৈৰ বাসগৃহ থকা এলেকা কন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ লগতে তেও আহযাহ কৰা ৰজাদূৱাৰৰ এখন হোটেল চিল্ড কৰি সেই এলেকাটো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে। আনহাতে যোৱা কালিও উত্তৰ গুৱাহাটীত পুনৰ কৰ’না পজিটিভ ৰোগী পোৱা গৈছিল ।

জি এন আৰ চি চিকিৎসালয়ত কেইবাজনো কভিড-১৯ পজিটিভ ৰোগী ওলোৱাৰ পিছত কালি উত্তৰ গুৱাহাটীৰ কলেজ নগৰত মহিলা কভিড ১৯ পজিটিভ ৰোগী পোৱা গৈছিল । কভিড ১৯ আক্ৰান্ত ৰোগী গৰাকীৰ নাম কণিকা নাথ। কণিকা নাথে গোল্ড ব্লাডাৰ অপাৰেচনৰ বাবে গুৱাহাটীৰ জি এন আৰ চিত যোৱাত তাতে ছোৱাব পৰীক্ষাত ওলাইছিল ক’ৰোনা পজিটিভ।

জি এন আৰ চিৰ পিছত স্বাস্থ্য বিভাগেও এই কথা নিশ্চিত কৰাৰ পিছত কালি কণিকা নাথক জি এম চি এইচলৈ প্ৰেৰণৰ কৰা হৈছিল । ইফালে কণিকা নাথৰ স্বামী জয়ন্ত নাথক স্বাস্থ্য বিভাগে হোম কোৱাৰেইণ্টাইনৰ ব্যবস্থা কৰিছে ।

ইয়াৰ পূৰ্বে যোৱা সপ্তাহত জিএনআৰচিত ৫ জন, চাংসাৰি, জয়গুৰু, উত্তৰ গুৱাহাটী দিহিংসত্ৰটো কভিড-১৯ আক্ৰান্ত ৰোগী পোৱা গৈছে। এই অঞ্চল সমূহত কভিড-১৯ ৰ সংক্ৰমণৰ পিছতো এতিয়াও উত্তৰ গুৱাহাটীৰ স্থানীয় বজাৰসমূহ, ৰাজহুৱা স্থানত এতিয়া প্ৰায়সংখ্যক লোকে মাস্ক ব্যৱহাৰ নকৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই নৰখাত সচেতন ৰাইজে গন সংক্ৰমণ আশংকা ব্যক্ত কৰিছে।

সেয়েহে এই ক্ষেত্ৰত সচেতন মহলে শীঘ্ৰেই প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি এইসমূহ স্থানত কভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগৰ সকলো নিয়ম নীতি বলবৎ কৰিবলৈ কামৰূপ প্ৰশাসনক দাবী উত্থাপন কৰিছে।

Related Articles

Leave a Reply

Close