অসমশীৰ্ষ

পশ্চিম কাৰ্বি আংলঙৰ উমচামুখ হত্যাকাণ্ডৰ হত্যাকাৰীক আটক। হত্যাকাৰীৰ হাতৰ পৰা নগদ ৬৭ হাজাৰ টকা উদ্ধাৰ।

প্ৰথম খবৰ, কনক দেউৰী, খেৰণি :  যোৱা ৪ জুলাই তাৰিখে উমচামুখত উদ্ধাৰ হৈছিল এজন অচিনাক্ত পুৰুষৰ মৃতদেহ। আৰু তাৰ পাছতেই অঞ্চলৰজুৰি সৃষ্টি হৈছিল এক চাঞ্চল্যৰ।

অৱশ্যে শেহতীয়াকৈ উদ্ধাৰ হোৱা মৃতদেহটো অঞ্চলটোৰ পাতিমুখ গাঁৱৰ নিবাসী চন্দ্ৰ ইংতিৰ বুলি চিনাক্ত কৰিছিল স্থানীয় ৰাইজৰ লগতে আৰক্ষীয়ে। আৰু এই ঘটনাৰ পাছতেই বৈঠালাংছ’ থানা অধীনৰ উলুকুঞ্চি উপ আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰখা অনুসন্ধান আৰু তদন্তত শেহতীয়াকৈ পাতিমুখ গাঁৱৰে বাবুছিং হাঞ্চে নামৰ এজন অপৰাধীক নিশা নেলীৰ ১ নম্বৰ বৰপায়াক গাঁৱৰ পৰা আটক কৰিছে আৰক্ষীয়ে।

আনহাতে অপৰাধী বাবুছিং হাঞ্চেৰ হাতৰ পৰা নগদ ৬৭ হাজাৰ টকাও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। গুৰুত্বপূৰ্ণ যে অপৰাধী বাবুছিং হাঞ্চেয়ে চন্দ্ৰ ইংতিৰ সৈতে থকা সংঘাত আৰু টকাৰ বাবে চন্দ্ৰ ইংতিক চোকা দাৰে ঘপিয়াই হত্যা কৰিছিল আৰু ইংতিৰ হাতৰ পৰা ৬৭ হাজাৰ টকা লুটি নিয়া বুলি আৰক্ষীৰ আগত ইতিমধ্যে স্বীকাৰ কৰিছে অপৰাধীয়ে।

উল্লেখযোগ্য যে যোৱা ৪ জুলাই তাৰিখে উমচামুখ গাৱঁৰ সমীপত অৱস্থিত এখন কৱৰস্থানৰ কাষৰ জঙ্গলৰ মাজৰ পৰা উদ্ধাৰ হৈছিল চন্দ্ৰ ইংতিৰ মৃতদেহ। মৃদেহৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ লগতে চোকা দাৰে ইংতিক ঘপিয়াই হত্যা কৰাৰ সন্দেহ কৰিছিল স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে। আনহাতে মৃতদেহ উদ্ধাৰৰ দিনটোত ইংতিৰ পেন্টৰ পকেটৰ পৰা ২৫০০ টকা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। আৰু এই চাঞ্চল্যকৰ ঘটনাৰ পাছৰে পৰা আৰক্ষীয়ে অব্যাহত ৰাখিছিল অনুসন্ধান আৰু তদন্ত

Related Articles

Leave a Reply

Close