অসমশীৰ্ষ

পশ্চিম কাৰ্বি আংলঙৰ উমচামুখত চাঞ্চল্যকৰ ঘটনা। অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ।

প্ৰথম খবৰ, কনক দেউৰী, খেৰণি : পশ্চিম কাৰ্বি আংলঙৰ উমচামুখত চাঞ্চল্যকৰ ঘটনা। অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ। উমচামুখ গাৱঁৰ সমীপত অৱস্থিত এখন কৱৰস্থানৰ কাষৰ জঙ্গলৰ মাজৰ পৰা উদ্ধাৰ হয় মৃতদেহটো।

মৃদেহৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট। নিশা লোকজনক চোকা দাৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজ আৰু আৰক্ষীৰ। এতিয়াও চিনাক্ত কৰিব পৰা নাই মৃতদেহৰ পৰিচয় অথবা ঠিকনা। ঘটনাস্থলীত মৃত লোকজনৰ হাতৰ পৰা কোনো পৰিচয় পত্ৰ আদি লাভ কৰা নাই যদিও পেন্টৰ পকেটৰ পৰা ২৫০০ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে।

ঘটনাক লৈ ইতিমধ্যে তদন্ত আৰু অনুসন্ধান অব্যাহত ৰাখিছে বৈঠালাংছ’ থানা অধীনৰ উলুকুঞ্চি উপ আৰক্ষী চকীৰ আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close