অসমশীৰ্ষ

পেট্ৰল , ডিজেল আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আমিনগাঁৱত কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিভোক্ষ কাৰ্য্যসূচী

প্ৰথম খবৰ, পঙ্কজ নাথ, চাংসাৰি : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই বৰ্তমান সময়ত লক ডাউন তথা বানপানীৰ সৈতে ককবকাই থকা সৰ্ব সাধৰণ ৰাইজক মাধমাৰ শোধাই অভাৱনীয়ভাৱে পেট্ৰল , ডিজেল আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা আৰু সাধাৰণ সম্পাদক হেমন্ত দাসৰ নেতৃত্বত শতাধিক আছু কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে বজাৰত মূল্যবৃদ্ধিৰ জুই যোগান মন্ত্ৰী আছে শুই, পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী হুচিয়াৰ , মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ কামৰূপ জিলা ছাত্ৰ – সন্থাৰ সভাপতি , সম্পাদকদ্বয়ে কয় যে ,এফালে মহামাৰী ক’ৰোনা ৰোধৰ বাবে দীৰ্ঘদিনীয়া লক ডাউন আনফালে বানপানী ৷ এই জটিল পৰিস্থিতিৰ সময়তে পেট্ৰল , ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ লোকৰ জীৱন দুৰ্বিষহ হৈ পৰিছে ৷

ইয়াৰ লগতে যোগান মন্ত্ৰীৰ চৰম ব্যৰ্থতাৰ বাবেই জনসাধাৰণে অত্যাৱশ্যকীয় সামগ্ৰী অত্যধিক মূল্যত ক্ৰয় কৰিব লগা হৈছে বুলি কয় ৷ ছাত্ৰ নেতাদ্বয়ে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি সাধাৰণ জনতাই যাতে এই দুৰ্যোগৰ সময়ত উচিত মূল্যত সামগ্ৰী ক্ৰয় কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাই ৷ আনহাতে ,সদৌ কামৰূপ জিলাৰ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগতো বাইহাটা চাৰিআলিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।

Related Articles

Leave a Reply

Close