অসম

বাঁহজানীত এজনৰ পজিটিভঃ দুজনক হোম কোৱাৰেণ্টাইনঃ আতংকিত গাওঁবাসী

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা,নলবাৰী : মহামাৰী ক’ৰ’না ভাইৰাছত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে কালি নলবাৰী জিলাতো ২০ জনকৈ লোক আক্ৰান্ত হোৱাৰ পিছত আজি জিলাখনৰ বাঁহজানীত এজন যুৱকৰ দেহত ক’ৰ’না পজিটিভ ধৰা পৰাৰ লগতে দুজনক হোম কোৱাৰেণ্টাইন কৰা হয়।

প্ৰাপ্ত বাতৰি মতে বাঁহজানীৰ অন্তৰ্গত জানিগোগ ( সাৰাপাৰা ) গাওঁৰ ব্ৰজেন ডেকা কৰ্ম সূত্ৰে পুনেত থকাৰ পিছত যোৱা ১৬ জুনত তেওঁ তাৰ পৰা আহি বৰভাগ মহাবিদ্যালয়ত থকা কোৱাৰেণ্টাইন চেণ্টাৰত ১৪ দিন থকি নিজ ঘৰলৈ আহে যদিও কালি গধুলী ডেকাৰ তেজৰ নমুনাৰ পৰীক্ষাৰ ফলাফল ওৱলোৱাত ক’ৰ’না পজিটিভ ধৰা পৰে |

কালি নিশা ৯ মান বজাত স্বাস্থ বিভাগৰ লোকে ব্ৰজান ডেকাক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসমাৰিক চিকিৎসালয়ত থকা কোৱাৰেণ্টাইন চেণ্টাৰত ভৰ্তি কৰাই।আনহাতে আজি স্বাস্থ বিভাগৰ এটি দল গাওঁখনত উপস্থিত হৈ ক’ৰ’না আক্ৰান্ত ব্ৰজেন ডেকাৰ পত্নী আৰু আঠ বছৰীয়া এগৰাকী কণ্যা দুয়োকে হোম কোৱাৰেণ্টাইন কৰে। ইফালে ডেকাৰ ক’ৰ’না পজিটিভ ধৰাপৰাত গাওঁবাসী আতংকিত হৈ পৰিছে।

Related Articles

Leave a Reply

Close