অসমশীৰ্ষ

বাঘজান অইল খাদৰ অগ্নিকাণ্ডৰ প্ৰচণ্ড শব্দ আৰু ভূ-কম্পনত অস্থিৰ অঞ্চলবাসী

প্ৰথম খবৰ, কুলধৰ বৰ্মণ, ডুমডুমা : বাঘজানৰ তৈলখাদত বিস্ফোৰণ আৰু অগ্নিকাণ্ডই আৰু পাঁচদিন অতিক্ৰম কৰিলেই সম্পূৰ্ণ হ’ব দুমাহ।

দেশী-বিদেশী বিশেষজ্ঞ আৰু খাদৰ জূই নুমুৱাবলৈ দিন-ৰাতি একাকাৰ কৰি অহৰহ কাৰীকৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও আজিলৈক সক্ষম হোৱা নাই জুই নিৰ্বাপন কৰিবলৈ।

ইপিনে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ৰাইজেও উচিত ক্ষতিপূৰণ নেপাই নিতৌ আন্দোলন কৰি থাকিব লগীয়া হোৱাটো অতি পৰিতাপৰ বিষয় ।

যাৰ ফলত ইতিমধ্যে বাঘজানৰ শুক্লেশ্বৱ নেওগ নামৰ এজন ক্ষতিগ্ৰস্ত গঞাই নিজৰ আজন্ম আপোন ঘৰখন হেৰুৱাৰ বেদনাত মানসিক ভাৰসাম্য হেৰুৱাই আত্মহননৰ দৰে পথ বাছি ল’লে।

আনহাতে ভেতৰ ওফৰত দানহৰ দৰে ডুমডুমা – বাঘজান সংযোগী ৰূপাই চাহবাগিচাৰ মাজত থকা দল় খনো আজি কিছুদিনৰ আগতে খহি পৰাত অইল খাদৰ ঘটনাস্থলীলৈ জুই নুমুৱাবলৈ প্ৰয়োজনীয় সামগ্ৰী কঢ়িওৱাত ব্যাহত হৈ পৰিল।

ইয়াৰ বিকল্প পথ হিচাপে সেই সময়ৰ পৰা টিপূক – কৰ্দৈগুৰি আৰু তালাপ – কৰ্দৈগুৰি গড়কাপ্তানী পথেৰে সা – সামগ্ৰী কঢ়িয়াই আছে যদিও নিতৌ অহৰহ গধুৰ যান – বাহন চলাচল কৰি থকাৰ ফলত উক্ত পথটোৰ ব্যাপক ক্ষতিসাধন হোৱাৰ অভিযোগ কৰিছে কৰ্দৈগুৰিবাসী ৰাইজে।

বাঘজানলৈ গাড়ী চলাচলত কৰ্দৈগুৰিৰ ৰাইজে বাধা দিয়া নাই বৰঞ্চ ক্ষতিসাধন হোৱা পথছোৱাৰ মেৰামতিৰ বাবেহে ৰাইজে অইল কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনক দাবী জনাইছে।

অৱশ্যে যোৱা ১৮ জুলাইত অইল আৰু জিলা প্ৰশাসনৰ প্ৰতিনিধিয়ে বিধ্বস্ত পথছোৱা চৰজমীন পৰিদৰ্শন কৰে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close