অসমশীৰ্ষ

বিধ্বস্ত পথক লৈ ৰাইজৰ বিলৈ। পুৰুষ-মহিলাই মিলি লেজু লগাই টানিলে চাৰি চকীয়া বাহন।

প্ৰথম খবৰ, কনক দেউৰী, খেৰণি : এফালে কৰণাৰ আতংক আনফালে আকৌ বিধ্বস্ত পথক লৈ ৰাইজৰ বিলৈ। সঁচাকৈ এক বিৰল দৃশ্য, পশ্চিম কাৰ্বি আংলঙৰ লাংমেপী-আমঙত পুৰুষ-মহিলাই মিলি লেজু লগাই টানিলে চাৰি চকীয়া বাহন।

উল্লেখযোগ্য যে পুৱাই অঞ্চলটোৰ একাংশ কৃষিজীৱী পুৰুষ-মহিলাই অঞ্চলটোত উৎপাদিত কঁঠাল, পাহাৰীয়া শাক-পাচলি আদি লৈ বিক্ৰীৰ বাবে বজাৰলৈ বুলি ওলাইছিল।

কিন্তু কি হব পথাৰ সদৃশ পথ, পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত আৰু গাঁতত গাড়ীৰ চকা সোমাই লাগিল ৰাইজৰ লেঠা। চাওঁক এই দৃশ্য, কিদৰে পুৰুষ-মহিলাই মিলি লেজু লগাই টানিছে এখন চাৰি চকীয়া বাহন |

কেৱল পথৰ দুৰৱস্থাক লৈ ৰাইজে তথা লাংমেপী-আমাংবাসীয়ে ভুগিছে এনেদৰে এতিয়া যমৰ যাতনা। পৰিৱৰ্তনৰ শ্লোগানেৰে চৰকাৰ সলনি হ’ল কিন্তু সলনি নহল লাংমেপী-আমাঙৰ বাট পথৰ ছবি।

ফলত শেহতীয়াকৈ জীয়াতো ভোগা অতিষ্ঠ হোৱা ৰাইজে শীঘ্ৰেই লাংমেপী-আমঙৰ পথ মেৰামতি অথবা নিৰ্মাণ কৰাৰ দাবী তুলিছে।

অন্যথা অনাগত সময়ত তথা নিৰ্বাচনত কোনো দলৰ নেতা-কৰ্মী অথবা প্ৰাৰ্থীক অঞ্চলটোত প্ৰৱেশ কৰিব নিদিয়াৰ হুংকাৰ দি নিজৰ ক্ষোভ উজাৰিছে লাংমেপী-আমাংবাসীয়ে।

Related Articles

Leave a Reply

Close