অসমশীৰ্ষ

১১ বছৰীয়া কিশোৰীক বলৎকাৰৰ অভিযোগ । অভিযুক্ত বন কৰ্মীৰ চিপ লৈ আত্মহত্যা ।

প্ৰথম খবৰ, বুলন চন্দ্ৰ নাথ, ৰহা : নগাওঁ জিলাৰ পশ্চিম প্ৰান্তৰত অৱস্হিত আমচৈত যেন কালিকা লাগিছে । তিনি দিনৰ আগতে আমচৈৰ বুঢ়া ৰজাগাঁৱত সামান্য কথাতে গিৰিয়েকে – ঘৈনীয়েকক দাৰে ঘপিয়াই হত্যা কৰাৰ পাছত কালি আমচৈৰ বন বিভাগৰ কাৰ্যালয়ৰ এজন কনকৰ্মীয়ে এজনী ১২ বছৰীয়া ছোৱালীক আম দিয়াৰ লোভ দেখুৱাই চৰকাৰী গৃহত বলৎকাৰ কৰা ঘটনাৰ পাছত নিশা বহু লোকে বন বিভাগৰ বিট অফিচলৈ আহি কাৰ্য্য লয়টো ঘেৰাও কৰি বয়বস্তূ ভাগি লণ্ড- ভণ্ড কৰি অভিযুক্ত বনকৰ্মী মহেন্দ্ৰ সিঙক বিচাৰি চলাথ কৰি পৰিস্হিতি উত্তেজনাময় কৰি তোলে ।

আমচৈৰ আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনাস্হলীত উপস্হিত হয় যদিও উত্তপ্ত পৰিস্হিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ।নিশা ৰহা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষণ দাস আৰু আৰক্ষী চক্ৰ বিষয়াই সদল বলে আমচৈত উপস্হিত হৈ পৰিস্হিতি শান্ত কৰে । অভিযুক্তৰ ওপৰত বলৎকাৰৰ বলি হোৱা পৰিয়ালৰ তৰফৰ পৰা নিশাতেই এখন এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে এটা দিনৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত আজি পুৱা বন বিভাগৰ পুৰণি এটা পৰিতক্ত গৃহত চিপ লৈ আত্মহত্যা কৰা অৱস্হাত উদ্ধাৰ হয় অভিযুক্ত বনকৰ্মী মহেন্দ্ৰ সিঙৰ মৃতদেহ ।

ঘটনাৰ বিৱৰণি মতে কালি বিয়লি প্ৰায় পাঁচ বজাত বিট অফিচৰ কাষৰ দুজনী ১১/১২ বছৰীয়া ছোৱালী বিট অফিচৰ চৌহদৰ ভিতৰেদি বজাৰলৈ অহাত বনকৰ্মী মহেন্দ্ৰ সিঙে “আম ” দিয়াৰ বাবে কোঠাৰ ভিতৰলৈ মাতি নি ক্ষন্তেক পাছতে ওলাই আহি সহকৰ্মী বনৰক্ষী প্ৰনৱ কলিতাক বজাৰৰ পৰা আহি আম নিব বুলি কৈ ডিউটিলৈ যায় ।

ঘৰত কিশোৰী গৰাকীয়ে মাকক বুকুখন বিষোৱা বুলি কৈ বজাৰলৈ যাওতে হোৱা ঘটনাটোৰ বিষয়ে কোৱাৰ পাছতে পৰিয়ালৰ লগতে গাওঁবাসী ওলাই আহি বিট অফিচটো আক্ৰমণ কৰি লণ্ড-ভণ্ড কৰে ।অভিয়ুক্ত মহেন্দ্ৰ সিঙক বিচাৰি চলাথ কৰে ।ৰাইজৰ উগ্ৰ মূৰ্তি দেখি পলায়ন কৰা মহেন্দ্ৰ সিঙৰ মৃতদেহ আজি পুৱতি নিশা উদ্ধাৰ হয় বিট অফিচ টোৰ পাছফালে থকা এটা পৰিতক্ত ঘৰত । চিপ লোৱা অৱস্হাত মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে উদ্ধাৰ হৈছে ন ন তথ্য ।

ঘটনাটোৰ সময়ত ঘটনাস্হলীত উপস্হিত থকা বনকৰ্মী প্ৰনব কলিতাৰ ভাষ্য -  দুয়োজন ৰৈ থকা অবস্থাত ৰতনৰ জীয়েকৰ লগত দুজনী ছোৱালী বজাৰলৈ গৈ থকা অবস্হাত মহেন্দ্ৰ সিঙে মইনা আম লাগেনে আহা বুলি কোঠাৰ ভিতৰলৈ এজনীক মাতি নিলে আনজনী দুৱাৰ মুখত আৰু মই কোঠাৰ বাহিৰত ৰৈ থাকোতেই প্ৰায় এক মিনিটৰ ভিতৰত ছোৱালী জনী আৰু মহেন্দ্ৰ সিঙ ওলাই আহিল ।সিঙে কলে।বজাৰৰ পৰা আহিহে আম নিব বুলি কৈ ডিউটিলৈ গুছি গ'ল । সন্ধিয়াহে মানুহৰ কোলাহল দেখি কি হল বুলি কোৱাৰ পাছতেই উত্তেজিত হৈ একাংশ লোকে মোকে মাৰিবলৈ খেদি অহাত মই প্ৰানৰ ভয়ত সেই ঠাইৰ পৰা পলাই যাও ।মোৰ কথা কোনেও নুশুনিলে  ।শুনা হলে এই ঘটনা সংঘটিত হব নোৱাৰিলে হেতেন । মহেন্দ্ৰ সিঙ এজন বৰ সাহসী লোক আছিল চোৰাং কাঠ বেপাৰীৰ বিৰূদ্ধে বেছি সক্ৰিয় হৈ থকাৰ বাবেই এই কাৰ্য হ'ল ‌।
             

ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষণ দাসৰ মতে - কিবা এটা গোলমাল হব লাগিব ।নহলে মিছা কথাত এনে নহয় । সিঙে ভূল কৰিলে ।তদন্তত সকলো বাহিৰ হব ।আৰক্ষীৰ ওচৰত হাজিৰ হব লাগিছিল ।তাকে নকৰি এই কাম কৰিলে ।দুয়ো পক্ষৰ দুটা গোচৰ ৰুজূ হৈছে  কিশোৰীজনীৰ পিতৃয়ে আৰক্ষীৰ ওচৰত দিয়া এজাহাৰ মৰ্মে ৰহা থানাত ১১৮/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু হৈছে ,আই পি চি ১০( পি অ চি এচ অ ) এক্ট  ২০১২ মতে। আনহাতে মহেন্দ্ৰ সিঙৰ পত্নী মঞ্জীল কৌৰে স্বামীৰ মৃত্যু ৰহস্যময় আৰু এই হত্যা কাণ্ড হব পাৰে বুলি সন্দেহ কৰি ৰহা আৰক্ষীৰ ওচৰত দাখিল কৰিছে অন্য এখন এজাহাৰ । ৰহা থানাত ১১৯/  ২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে । ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৩/৪৪৭/৪৪৮/৪২৭/৩০৬ ধাৰাত এই গোচৰ ৰুজু কৰি দুয়োটা গোচৰৰ তদন্ত আৰম্ভ হৈছে ।অপৰাধীয়ে বিধি মতেই শাষ্টি পাবই ।
            ধৰমতুল আঞ্চলিক বন বিষয়া সঞ্জীৱ বৰদলৈয় কয় - মহেন্দ্ৰ সিং এজন সাহসী , কৰ্তব্য পৰায়ন ব্যক্তি আছিল । চোৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে প্ৰায়ে অভিযান চলোৱাত আগভাগ লোৱা সিঙৰ শত্ৰু আছিল বেছি ,সেয়ে ৰোষৰ বলি হ'ল । 

আমচৈৰ কেইবাজনো সচেতন ব্যক্তিয়ে কলে মহেন্দ্ৰ সিঙে সকলোৰে লগত হাঁহি মাতি কথা পাতিছিল, গান গাই ঘুৰিছিল । সততে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে জনসাধাৰণৰ আস্হাভাজন হৈছিল যদিও চোৰাং চিকাৰীৰ সহ্য হোৱা নাছিল ।

কালিও সিঙক মাৰিবলৈ অহা ,বন বিভাগৰ ঘৰৰ সা- সম্প্ৰতি ধ্বংস কৰাত আগভাগ লৈছিল বহুকেইজন চোৰাং কাঠ বেপাৰীয়ে । কিছুলোকে কিশোৰীজনীৰ পিতৃক উচতাই এই লোক সকলে আহিছিল বনবিভাগৰ ঘৰ ভাঙিবলৈ যিসকলে কেইবা বছৰ আগতে একে প্ৰদ্ধতিৰে আমচৈৰ চিকিৎসালয়ত আক্ৰমণ কৰি চিকিৎসকক মাৰপিট কৰিছিল। তাৰ ফলতেই আমচৈৰ চিকিৎসালয়ত ৰাতি ডাক্টৰ থাকিবলৈ বাদ দিলে । এচাম লোকে আমচৈৰ সুনামতকৈ দুনামহে বেছিকৈ কৰিব খোজে ।এইসকলৰ কাৰনেই লজ্জিত বহুলোক ।

বলৎকাৰ, আত্মহত্যা আদিৰ পাছত এটা এটাকৈ বহু কথাই ওলাইছে ।আৰক্ষীৰ প্ৰকৃত তদন্ততহে ফাদিল হব ঘটনাৰ সত্য কাহানীৰ ৰহস্য ।

Related Articles

Leave a Reply

Close