অসমশীৰ্ষ

ৰহাৰ আমচৈত চাঞ্চল্যকৰ হত্যাকাণ্ড

প্ৰথম খবৰ , বুলন চন্দ্ৰ নাথ : নগাঁও জিলা – কাৰ্বি আংলং জিলাৰ সীমান্তৱতী আমচৈত আজি সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ।আমচৈৰ আৰক্ষী চকীৰ অন্তৰ্গত আমচৈৰ বুঢ়া ৰজা গাওঁত পুৱা নৃশংস হত্যাকাণ্ডটো সংঘটিত হয় । স্বামীৰ দা’ৰ ঘাপত নিহত হয় পত্নী অল্পনা ডেকা (৩২) ,নামৰ মহিলা গৰাকী ৷এই ঘটনাই অঞ্চলতোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

জানিব পৰা মতে ,আজি পুৱা প্ৰায় দহ মান বজাত স্বামী-স্ত্ৰীৰ মাজত সাধাৰণ তৰ্কা-তৰ্কিৰ হয় ৷ এই তৰ্কাতৰ্কিতে খংত অগ্নিশৰ্মা হৈ স্বামী কৰ্ণ ডেকাই তেওঁৰ ঘৰৰ চোতালতে পত্নীৰ ডিঙিত এখন চোকা দাৰে উপৰ্যুপৰি ঘাপ মাৰে। ঘটনাটো স্বচক্ষে প্ৰত্যক্ষ কৰি তেওঁলোকৰ দহ বছৰীয়া পুত্ৰ নয়নমনিয়ে চিঞৰ বাখৰ কৰে আৰু ওচৰ চুবুৰীয়া লোক সকল আহি চোতালত ডিঙি কাটা অবস্থাত মহিলা গৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰে ৷

পাচত আমচৈ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে অভিযুক্ত কৰ্ণ ডেকাক আটক কৰে ৷ পাৰিবাৰিক কাৰণত পত্নীক হত্যা কৰা বুলি অভিযুক্ত কৰ্ণ ডেকাই আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে ৷ ঘটনাটোৰ পাছত ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষণ দাস , ৰহা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডা. প্ৰিয়ঙ্কা বনিয়াই ঘটনাস্হলীত উপস্হিত ঘৰৰ কাষতে পৰি থকা মৃতদেহ টো মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে ।

আৰক্ষীৰ আগৰ হত্যাকাৰী কৰ্ন ডেকাৰ মাতৃ ভানু ডেকাই জনোৱা মতে বোৱাৰীৰ গাত জগৰ নাই ।পুত্ৰ কৰ্নই প্ৰায়েই বোৱাৰীৰ লগত কাজিয়া কৰে ।সি একো কাম নকৰে ঘৈনীয়েকে তাক খুৱাব লাগে ।দহ বছৰীয়া পুত্ৰ নয়নমনি ডেকাই ঘটনাটো ৰ সম্পৰ্কে আৰক্ষী আৰু সাংবাদিকক কয় – পুৱা তিনিটাই ভাত খালো । দেউতাই মাক এনেই গালি পাৰি থাকে ।ঘৰৰ পৰা বাহিৰলৈ গলেই গালি পাৰি থাকে ।

ভাত খোৱাৰ বাচন ধুৱলৈ পাছফালে মা যোৱাত দেউতাই মাক গালি পাৰি দাখন ধাৰ দি তোক কাটিম বুলি খেদি গৈ মাৰ চুলিত ধৰি আগফালে আনি দাৰে প্ৰথম হাতত (সোঁ হাত ) এঘাপ মাৰিলে ।মাৰ পৰি যোৱাত পুনৰ ডিঙিত ঘাপ মাৰে মই ঘটনাটো দেখি চিঞৰি দিয়াত মোৰ ফালে খেদি যোৱাত মই সেই ঠাইৰ পৰা পলাই আন মানুহৰ ঘৰত লুকাই আছিলো । কৰ্নৰ মাতৃ ভানুৱে আৰক্ষীক কলে তাক ভাল শিক্ষা দিব লাগে।

চুবুৰীয়াৰ মতে কৰ্নই আগতে এজনী বিয়া কৰাইছিল ।প্ৰথম পত্নীৰ দুজনী ছোৱালী ,দুয়োজনীকে বিয়া দিলে । প্ৰথম পত্নী মৃত্য হোৱাত দ্বিতীয় পত্নী আল্পনাক বিয়া পাতে ।কৰ্নই প্ৰায়ে মানুহৰ লগত কাজিয়া লাগিলেই দালৈ খেদি যায় । আল্পনাকো পূৰ্বে দাৰে হাতত এবাৰ কাটিছিল । স্হানীয় লোকে হত্যাকাৰীক ফাচিৰ দাবী তুলিছে ।

Related Articles

Leave a Reply

Close