
প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা, নলবাৰী : বিশ্ব হিন্দু পৰিষদ উদ্যোগত আজি দিনৰ এঘাৰ বজাত নলবাৰী গোপাল বজাৰ দুৰ্গা মন্দিৰত এখন হিন্দু সজাগতা সভা হয়।
সভাত কট্টৰ হিন্দুত্ব বাদী, বিজেপিৰ কিষান মৰ্চাৰ নেতা সত্য ৰঞ্জন বৰাই কয় যে অসমীয়াই শুই থাকিলে অসম ইছলামীক জেহাদী ধ্বংস কৰিব।
তথাপি অসমীয়া আৰু হিন্দু সকলৰ চেতনা অহা নাই। তদুপৰি অসমত লাভ জেহাদ, লেণ্ড জেহাদ,অস্ত্ৰ জেহাদ, ব্যৱসায় জেহাদ, আদি কোনে চলাইছে বুলি প্ৰশ্ন কৰে।
তেওঁ কয় যে অসমত মুছলিম জেহাদি বোৰৰ পৰিকল্পনা হৈছে কেৱল হিন্দু ধৰ্মক নিশেষ কৰা। সমগ্ৰ অসম খন ইছলামিক কৰা হিন্দু বাই ভনী সকলক লাভ জেহাদৰ জৰিয়তে মুছলিম কৰা, হিন্দু ধর্মৰ ওপৰত আক্ৰমণ কৰি হিন্দু ধর্মৰ মানুহ খিনক ভীতিগ্ৰস্ত কৰাহে বুলি দোহাৰে ।
গতিকে আমি সকলো হিন্দু একত্ৰিত হব লাগিব ।তেতিয়া হে আমাৰ অসমীয়া সমাজ, অসমৰ হিন্দু সমাজ, আমাৰ জাতি মাটি ভেটি বাছি থাকিব।
যেতিয়া আমি সকলোৱে নিজৰ ধৰ্ম সংস্কৃতি আৰু জাতি সকলো মিলি নিজকে হিন্দু বুলি পৰিচয় দি ওলাই আহিব লাগিব। তেতিয়া হে হিন্দু সমাজ, অসমীয়া জাতি বাছি থাকিব।
আমাৰ মাজত কিবা বিভেদ থাকিলেও হিন্দু হিচাপে একত্ৰিত হৈ ওলাই আহিব লাগিব- এনেদৰে বিভিন্ন বক্তব্য ৰাখে সভাত সত্য ৰঞ্জন বৰাই।
সভাত বিজেপিৰ নলবাৰী জিলা সম্পাদক মৃণাল শৰ্মা, হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সভাপতি জয়দীপ হাজৰিকা, এক হাজাৰ গ্ৰুপৰ অধ্যক্ষ কট্টৰ হিন্দুত্ব বাদী নেতা অধীৰ দাস, আন্ত ৰাষ্ট্ৰীয় কুংফু খেলুৱৈ তথা হিন্দু সমাজৰ অক্লান্ত কৰ্মী ধৰ্মেশ্বৰ হালৈ ( ভাইটি) বিশ্ব হিন্দু পৰিষদৰ কৰ্মী বিজু দত্ত, মানস পাটগিৰি, ভাস্কৰ ডেকা আদি কৰি প্ৰায় দুই শতাধিক কৰ্মী আজিৰ সভাত উপস্থিত থাকে। ইফালে হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাই বাহঁজানীৰ চান্দকুছিত বিয়লি পঞ্চায়ত সভানেত্ৰী আৰতি বৈশ্যৰ ঘৰত উপস্থিত হোৱাত তেওঁক বিভিন্ন জনে আদৰণি জনায়।