অসমশীৰ্ষ

আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় গেট হস্পিতালৰ বিৰুদ্ধে ৰোগীৰ আত্মীয়ৰ ভুৱা প্ৰচাৰৰ খণ্ডন হস্পিতাল কতৃপক্ষৰ।

চিকিৎসালয় কৰ্তৃপক্ষই বিৱৰণী দিলে প্ৰকৃত ঘটনাৰ ।

প্ৰথম খবৰ, পঙ্কজ নাথ, চাংসাৰি :  অসমৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় গুৱাহাটীস্থিত গেট হস্পিতালৰ বিৰুদ্ধে অপপ্ৰচাৰত নামিছে ৰোগীৰ আত্মীয়। ৰোগীক জোৰ জুলুম কৈ ধন দাবী কৰা অভিযোগেৰে এগৰাকী ৰোগীৰ আত্মীয়ই সংবাদ মাধ্যমত বিভিন্ন ভুৱা অভিযোগ দি বাতৰি সম্প্ৰচাৰ কৰিছে ।

একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত বাতৰি আৰু যোৰহাটৰ ৰোগী গৰাকীৰ আত্মীয়ৰ সকলো অভিযোগ খণ্ডন কৰি প্ৰকৃত ঘটনাৰ বিৱৰণী দিছে গেট হস্পিতাল কতৃপক্ষই ।

যোৰহাটৰ ঋতুপৰ্ণ বৰা নামৰ ৰোগী গৰাকীক বিশেষ এক অস্ত্ৰোপচাৰৰ বাবে চাৰিদিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল গেট হস্পিতালত কিন্তু তেওঁৰ দেহত ধৰা পৰিছিল কোভিড পিজিটিভ।

অস্ত্ৰোপচাৰৰ বাবে অহা ৰোগী গৰাকী কোভিড পজিটিভ হোৱাত তেওঁক গেট হস্পিতালৰ তৃতীয় মহলাৰ কোভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল।

হস্পিতাল কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা মতে ৰোগী গৰাকীৰ চিকিৎসা ব্যয়ৰ বিল ৩১০০০ টকা হৈছিল যদিও ৰোগী গৰাকীৰ আৰ্থিক দুৰ্বলতাৰ প্ৰতি লক্ষ্য ৰাখি ৩১০০০ টকা বিল হোৱাৰ পিছতো ৰেহাই কৰি দিছিল কৰ্তৃপক্ষই।

আনকি চৰকাৰী নীতি নিয়ম অনুসৰি গেট হস্পিতালৰ এম্বুলেন্সৰেই GMCH কোভিড হস্পিতালত ভৰ্তি কৰাইছিল হস্পিতাল কৰ্তৃপক্ষই।

কৰ্তৃপক্ষই জনোৱা মতে ঋতুপৰ্ণ বৰাৰ ৮ মাহ পূৰ্বে গেট হস্পিতালত কৰা এক জটিল অস্ত্ৰোপচাৰৰ ৬০ হাজাৰ টকা বাকীত দিয়া হৈছিল।

৩ মাহ পিছত বাকীৰ ধন ৫০ হাজাৰ টকা পৰিশোধ কৰিছিল পৰিয়ালে, তেওলোকৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি গেট হস্পিতাল কৰ্তৃপক্ষই ৰেহাই দিছিল বাকী ১০ হাজাৰ টকা। ইমানখিনি কৰাৰ পিছত ৰোগীৰ পৰিয়ালে একাংশ সংবাদ মাধ্যমত অভিযোগ কৰা ধৰণে কোভিড চিকিৎসা ধন তেওলোকে দাবী কৰা বুলি প্ৰকাশ কৰা অভিযোগক ভিত্তিহীন অভিযোগ বুলি দাবী কৰিছে গেট হস্পিতাল কৰ্তৃপক্ষই। গেট হস্পিতালৰ চিকিৎসক ডাঃ হৃষীকেশ হাজৰিকাই কয় ৰোগী গৰাকীৰ অভিযোগ কোনো কাৰণত গ্ৰহণ যোগ্য নহয়।

চৰকাৰী নীতি নিয়মৰ মাজেৰে ৰোগী গৰাকীক হস্পিতাল কৰ্তৃপক্ষই ভৰ্তি কৰাই আহিছিল GMCH ত। ইফালে গেট হস্পিতালৰ জ্যেষ্ঠ প্ৰবন্ধক ৰাজেন চান কাকতিয়ে সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে। আনফালে গেট হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ বেদব্ৰত পাঠকে কোৱা মতে তেখেত সকলৰ গেট হস্পিতালে বিভিন্ন সময়ত সামাজিক দায়বদ্ধতা পালন কৰি ৰাইজৰ সেৱা কৰি আহিছে ।

অসমৰ বিভিন্ন স্থানত বিনামূলীয়া স্বাস্থ্য শিবিৰ পাতি গ্রাম্যঞ্চলৰ ৰোগীক কম খৰছত উন্নত চিকিৎসা কৰিছে । বিভিন্ন সময়ত দৰিদ্ৰ ৰোগীক বিনামূলীয়া চিকিৎসা কৰি গেট হস্পিতালে সামাজিক দায়বদ্ধতাৰ পৰিচয় দিছে এনে ক্ষেত্ৰত গেট হস্পিতালৰ বিৰুদ্ধে এনে ভুৱা প্রচাৰে হস্পিতাল কতৃপক্ষক মনোকষ্ট দিছে বুলি উল্লেখ কৰিছে ।


Related Articles

Leave a Reply

Close