অসমশীৰ্ষ

উত্তৰ গুৱাহাটীৰ বৃহৎ এলেকাত অবৈধ শিলৰ কুৱৰী । অসাধু ব্যৱসায়ীৰে উত্তৰ কামৰূপৰ একাংশ বনবিষয়া, কৰ্মচাৰীৰ মধুৰ সম্পৰ্ক আৰু নিজ মুনাফা লাভৰ স্বাৰ্থত এইবোৰ দেখিও চকু মুদা কুলিৰ ভাওত বনবিভাগ ।

প্ৰথম খবৰ, পঙ্কজ নাথ, চাংসাৰি : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত এতিয়া চলিছে অনায়াসে বন ধ্বংসযজ্ঞ ।

সমষ্টিটোৰ এটা বৃহৎ অঞ্চলত এতিয়া চৰকাৰক ৰাজহ ফাকি দি চলিছে শিলৰ কুৱৰী, পাহাৰ খনন আদি ।

উত্তৰ গুৱাহাটীৰ মানিকনগৰ, মান্দাকাটা বেটেলিয়ান কেম্পৰ সমীপৰ ৪নং চন্দ্ৰৰা গ্রেন্ট, মানিক নগৰ গ্রেন্টত ব্যাপক হাৰত পাহাৰ ধ্বংস কৰি খোলা হৈছে শিলৰ কুৱৰী ।

অভিযোগ অনুসৰি জালুকবাৰী সমষ্টিত এতিয়া দলীয় কর্মী আৰু মন্ত্ৰীৰ লগত সু সম্পৰ্ক হলেহে হেনো পায় শিল কুৱৰী খোলাৰ অনুমতি।

নহলে চেন্দেলৰ তলী ক্ষয় খেদালেও নাপায় একো। লক ডাউনৰ সময়তো বিজেপিৰ মোহৰ মৰা কর্মীৰ বাবে শিল কুৱৰী , পাহাৰ খনন সকলো সম্ভৱ।

কৰোনাই এতিয়া কোঙা কৰিছে দেশক। ঘৰতে আবদ্ধ হৈ এখাজ ভাতৰ চিন্তাত দেশবাসী।

কিন্তু তাৰ মাজতো উত্তৰ গুৱাহাটীৰ এই সমূহ বৃহৎ এলেকাত চলিয়ে থাকিল শিল কুৱৰী ।

কাৰণ মন্ত্ৰীৰ অনুগত হলে হেনো সকলো কৰিব পাৰে উত্তৰ গুৱাহাটীত।

মানিক নগৰ, বাকাত ইখনৰ পাছত আনখন পাহাৰ ধ্বংস কৰি অসাধু ব্যবসায়ীয়ে উত্তৰ কামৰূপ বন সংমণ্ডলৰ একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি লুটিছে লাখ লাখ টকা।

আনফালে আকৌ জালুকবাৰী সমষ্টিৰ স্থানীয় যুৱক একাংশৰ অভিযোগ একমাত্ৰ মন্ত্ৰীৰ লগত ভাল সম্পর্ক নোহোৱা বাবেই তেওলোকক কুৱৰী খোলাৰ বাবে পোৱা নাই অনুমতি।

সমষ্টিটোত যেন এতিয়া মন্ত্ৰীৰ দলীয় কর্মী হলেই বন বিভাগৰ লগত বুজাপৰা কৰি চলাব পাৰে শিল কুঁৱৰীৰ পৰা পাহাৰ খননৰ দৰে অবৈধ কাৰ্য্যকলাপ ।

উত্তৰ গুৱাহাটীৰ সমান্তৰালকৈ চাংসাৰিতো কেইজনমানে নিজকে মন্ত্ৰীৰ মানুহ বুলি জহাই নামি পৰিছে নাইপাৰৰ সমীপৱৰ্তী পাহাৰ ধংস কাৰ্য্যত।

বনবিভাগে ইয়াৰ ভুমি খননৰ নামত ৰয়েল্টি লৈছে বুলি সাংবাদিকক উত্তৰ কামৰূপ বন সংমণ্ডলৰ ডিএফঅ’ দীপক ডেকাই জানিব দিছে আৰু সেই ৰয়েল্টিৰ পৰিমাণ ৩ লাখ টকা বুলি জানিব পৰা গৈছে যদিও এতিয়া যেন বনবিভাগ আৰু এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক পালিনেতাৰ পৃষ্ঠপোষকতাত ৩ লাখতে চাংসাৰিৰ বিশাল পাহাৰ এখন ধংস কৰিব ওলাইছে নিজকে মন্ত্ৰীৰ মানুহ বুলি দম্ভালি মাৰি ফুৰা একাংশ বন ধংসকাৰীয়ে।

মন্ত্ৰীৰ ঘনিষ্ঠ বুলি ভাবিয়েই হয়টো বন বিভাগৰ একাংশ বিষয়া কর্মচাৰীয়ে এইসকলৰ সৈতে বুজাবুজি কৰি নিজ মুনাফাৰ স্বার্থত চকু মুদা কুলিৰ ভাও ধৰি এই সকল অসাধু ব্যৱসায়ীক চলাই নিব দিছে তেওলোকৰ অবৈধ ব্যৱসায়ৰ সাম্ৰাজ্য।

এতিয়া এনেদৰে এই অবৈধ ব্যৱসায়িক সাম্ৰাজ্য চলি থাকিলে এটা সময়ত যে সমগ্ৰ অঞ্চলটোৰ পৰা কিছু পাহাৰ নিশ্চিহ্ণ হৈ যাব সেয়া নুই কৰিব নোৱাৰি।

সেয়েহে শীঘ্ৰেই এই সমষ্ট বিষয়ত নজৰ দি নিজৰ নামৰ খ্যাতি ৰাখিবলৈ মন্ত্ৰীৰ মানুহ বুলি দুষ্কাৰ্য কৰি ফুৰা বনধংসকাৰী সকলৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱাৰ লগতে বনবিভাগৰ উচ্চপদস্থ বিষয়া আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক নিজৰ বিভাগৰ একাংশ ঘোচখোৰ বিষয়া কৰ্মচাৰীক লেকাম লগাই বনধংসকাৰী সকলক চিনাক্ত কৰি তেওলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে জালুকবাৰী সমষ্টিৰ একাংশ প্ৰকৃতিপ্ৰেমী ৰাইজৰ লগতে সচেতন মহলে। এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বনবিভাগৰ উচ্চ পদস্থ বিষয়া কিম্বা মন্ত্ৰী শুক্লবৈদ্যই এইসমূহ বিষয় অৱগত হোৱাৰ পিছত কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে এনেদৰেই এইসমূহ চলি থাকিব দি বন ধংসকাৰীক উৎসাহিত কৰি জনতাৰ অভিযোগ সত্য প্ৰমাণিত কৰিব সেয়া সময়তহে লক্ষনীয় হব ।

Related Articles

Leave a Reply

Close