Uncategorizedঅসমশীৰ্ষ

এ আই ইউ ডি এফৰ লগত মিত্ৰতা হলে কংগ্ৰেছ চৰকাৰ নিশ্চিত

জুবিন গাৰ্গে মদৰ বিৰুদ্ধে প্ৰচাৰ চলাওক : নলবাৰীত আৰ পি শৰ্মা

প্ৰথম খবৰ , প্ৰাঞ্জল শৰ্মা, নলবাৰী: বিজেপি চৰকাৰে বাস্তৱত ৰাইজৰ একো কৰা নাই।

ৰং ভং হে। ইয়াৰ উত্তৰ বিধানসভা নিৰ্বাচনত ৰাইজে দিব।

বিজেপি সপোনত দেখিছে এশ আসন লাভ কৰিব বুলি।

কিন্তু সম্ভৱ নহয় এয়া। তাৰ বিপৰীতে কংগ্ৰেছে আগন্তুক নিৰ্বাচনত ৮০ খন আসন লৈঅসমত চৰকাৰ কৰিব বুলি দাবী কৰে -এই মন্তব্য হঠাৎ প্ৰাক্তন সাংসদ তথা বহুবল্কী খ্যাত ন কংগ্ৰেছ ৰাম প্ৰসাদ শৰ্মাৰ।

আজি বিয়লি নলবাৰী ৰাজীৱ ভৱনত উপস্থিত হোৱাত প্ৰাক্তন সাংসদ শৰ্মাক জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ সহ বহু সংখ্যক দলীয় কৰ্মী আদৰণি জনায়।

তেওঁ লগতে কয় যে জুবিন গাৰ্গে কৃষি বিভাগৰ এম্বেচেদৰ হৈ লাভ নাই। মদৰ বিৰুদ্ধে প্ৰচাৰ কৰক। তেতিয়া জুবিনক ৰাইজে আদৰি লব।

ইফালে আছুৰ নেতৃত্বত হবলগা নতুন দল সন্দৰ্ভত কয় যে দল সকলোৱে খুলিব পাৰে। সেয়া গনতান্ত্ৰিক অধিকাৰ বুলি দোহাৰে।

Related Articles

Leave a Reply

Close