অসমশীৰ্ষ

ওদালগুৰিৰ আটাৰীখাটত আটছা ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকৰ পুত্তলিকা দাহ । আদিবাসী জনগোষ্ঠীক ভুমি পট্টা প্ৰদান , চাহ শ্ৰমিকৰ দৈনিক হাজিৰা ৩৫০ টকালৈ বৃদ্ধি, আৰু জনজাতি কৰণৰ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ ওদালগুৰিৰ আটাৰিখাটত ।

প্ৰথম খবৰ, তীৰ্থ শৰ্মা, ভেৰগাঁৱৰ : ৯ আগষ্টত বিশ্ব আদিবাসী দিৱসৰ দিনাখন সমগ্ৰ দেশতে আদিবাসী ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী পালন‌ কৰিছিল ।

ওদালগুৰি‌ জিলা‌ সমিতিৰ সমিতিৰ সহযোগত আটাৰীখাটতো আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্ব আদিবাসী দিৱসৰ লগতে মানৱ শৃংখল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰিছিল ।

ইয়াৰ পিছতে ডিব্ৰুগড়ৰ দুলীয়াজানত আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক পৱন বেদীয়া আৰু ধিৰাজ গোৱালাৰ নেতৃত্বত আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ পুত্তলিকা দাহ কৰিছিল ।

আদিবাসী ছাত্ৰ সন্থা (আছা ) ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ পুত্তলিকা দাহৰ পিছতে সমগ্ৰ ৰাজ্যতে আছা ৰ বিষয়ববীয়া সকলে ক্ষোভত জাঙুৰ উঠে , আৰু মুকলিকৈ ক্ষমা বিচাৰিবলৈ আহ্বান জনাইছিল ।

সেয়েহে আছায় ক্ষোভিত হৈ আজি জিলাই জিলাই আটছাৰ সভাপতি সম্পাদক ৰ পুত্তলিকা দাহ কৰে ।

জন্ম লগ্নৰে পৰা আদিবাসী ছাত্ৰ সন্থাই বিভিন্ন সময়ত সময়ে সময়ে চাহ শ্ৰমিকৰ দৰমাহা বৃদ্ধি, ভুমি পট্টা প্ৰদান , চাহ জনগোষ্ঠীক জনজাতি‌কৰণৰ বাবে তীব্ৰ আন্দোলন‌ কৰি আহিছে যদিও আজিলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ আদিবাসী ছাত্ৰ সন্থাৰ।

আজি ওদালগুৰি জিলাৰ আটাৰিখাট আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন শাখা সমিতি সমূহৰ সহযোগত পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

আটাৰীখাট চাহ বাগিছাৰ খেল পথাৰ প্ৰাঙ্গণত প্ৰায় শতাধিক লোক সমবেত হৈ , পৱন বেদিয়া মূৰ্দাবাদ , ধিৰাজ গোৱালা মূৰ্দাবাদ, পৱন বেদিয়া হায় হায়,ধিৰাজ গোৱালা হায় হায় , অসমৰ আদিবাসী সকলক চাহ জনগোষ্ঠী‌কৰণ বন্ধ কৰক, আদিবাসীক অপমান কৰা সহ্য কৰা নহ’ব , আদিবাসী ছাত্ৰ সন্থা‌ জিন্দাবাদ , আছা লং লিভ , বিজেপি চৰকাৰ গ’বেক, বিজেপি চৰকাৰ‌ হায় হায় , আদিবাসী সকলক প্ৰৱঞ্চনা বন্ধ কৰক , আছা জিন্দাবাদ, আদিবাসীক প্ৰতাৰণা কৰা বন্ধ কৰক, চাহ শ্ৰমিকৰ দৈনিক হাজিৰা ৩৫০ টকা বৃদ্ধি কৰক, আদিবাসী সকলক ভুমি পট্টা প্ৰদান কৰক আদি শ্লোগানেৰে অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে৷ ৷

অনুষ্ঠানত উপস্থিত থাকি ওদালগুৰি জিলা সমিতিৰ সম্পাদক ৰবিৰাম বাক্সে আটাৰীখাট আঞ্চলিক সমিতিৰ সভাপতি বাবুল পাইক, আটাৰীখাট আঞ্চলিক সমিতিৰ সম্পাদক প্ৰহ্লাদ ৰৌতিয়াকে ধৰি প্ৰায় শতাধিক লোক উপস্থিত থাকে ।



Related Articles

Leave a Reply

Close