অসমশীৰ্ষ

কংগ্ৰেছৰ আঁচনি ইফাল সিফাল কৰি বিজেপি উন্নয়নৰ আভুঁৱাভাৰিছে- পাপৰি মালাকৰ

নলবাৰী জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত নেপকিন বিতৰণ

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা নলবাৰী : নলবাৰী জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত মঙলবাৰে নলবাৰীৰ কলা ফকিৰতোলাত গৰীব মহিলাৰ মাজত চেনিটেৰিজ নেপকিন বিতৰণ কৰা হয়।

জিলা সভানেত্ৰী পাপৰি মালাকৰৰ নেতৃত্বত বিতৰণ কাৰ্যসূচীত উপ সভানেত্ৰী নিৰুপমা ৰাজবংশী, সম্পাদিকা ক্ষিৰোদা দাস,প্ৰতিভা কলিতা সহ কেইজনী নেত্ৰী।

দুই শতাধিক চেনিটেৰিজ নেপকিন বিতৰণ কৰি পাপৰি মালাকৰে সংবাদ মাধ্যমক কয় যে কংগ্ৰেছে সদায়েই গৰীব ৰাইজৰ বাবে কাম কৰি আহিছে আৰু আগত দিনটো কৰি থাকিব।

মহিলা সবলীকৰণৰ নামত বিজেপি চৰকাৰে আঁচনি লোৱা বুলি প্ৰচাৰ কৰি আছে যদিও প্ৰকৃতাৰ্থত মহিলা সমাজ উপকৃত হোৱা নাই। বিজেপিয়ে উন্নয়ন বিকাশৰ কথা কৈছে।

কতা নলবাৰীতেঅঃ দেখোন বাট পথৰ তথৈবচ অৱস্থা। কংগ্ৰেছৰ দিনত আবণ্টিত আঁচনি ইফাল সিফাল কৰি বিজেপি উন্নয়নৰ আভুঁৱাভাৰিছে বুলি মালাকৰে কটাক্ষ কৰে ।

Related Articles

Leave a Reply

Close