অসমশীৰ্ষ

কমলপুৰ সমষ্টিত কৰোণা ভাইৰাছে ললে ছুটি। বিধায়ক সত্যব্ৰত কলিতা ৰ উপস্থিত ত অগপ দলত চাৰি শতাধিক যোগদান

প্ৰথম খবৰ, পঙ্কজ নাথ, চাংসাৰি : কৰোণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে প্ৰত্যেক শনিবাৰ আৰু ৰবিবাৰে সাপ্তাহিক লকডাউন চলি আছে ৰাজ্যত।

কিন্তু আজি কামৰূপ জিলাৰ কমলপুৰ ত এই কৰোণা ভাইৰাছে যেন ছুটি ললে ! কেৱল সৰ্বসাধাৰণৰ বাবেই যেন লক- ডাউনৰ নীতি নিয়ম। শাসনত থকা দল হ’লে যেন সকলো ৰেহাই।কামৰূপ জিলাৰ কমলপুৰ সমষ্টিত অসম গণ পৰিষদত যুৱ সমাজৰ যোগদান সমাৰোহ।

কিন্তু লক ডাউনৰ কোনো নীতি নিয়মৰ কথা নাই । নাই কোনো সামাজিক দূৰত্বৰ কথা। বিধায়ক সত্যব্ৰত কলিতাও উপস্থিত আছিল এই সভাত।

লক ডাউনৰ সময়ত ঔষধ কিনিবলৈ গৈ ভেকুলী জাপ দিব লগীয়া ৰাইজৰ প্ৰশ্ন বিধায়কৰ অনুষ্ঠান হলে মানিব নালাগে নেকি লকডাউনৰ নীতি নিয়ম।আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিত পাইকানা, জালিমূৰা আৰু কমলপুৰ ত হোৱা এই অগপ দলৰ যোগদান সমাৰোহত প্ৰায় চাৰি শতাধিক লোকে দলটোত যোগদান কৰে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close