
প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা, নলবাৰী : নলবাৰী জিলাৰ ঐতিহাসিক খাৰজাৰা আশ্ৰমৰ আজি দেওবাৰে চৌহদৰ পকীবেৰৰ আধাৰশিলা স্থাপন কৰা হয়। স্থানীয় সাংসদ দীলিপ শইকীয়াৰ সাংসদ পুজিৰ পৰা আবণ্টিত ২৫ লাখ টকাৰে নিৰ্মাণ হবলগা পকীবেৰৰ আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক অশোক শৰ্মাই। আশ্ৰম পৰিচালনা সমিতিৰ সম্পাদক প্ৰমোদ বৰ্মনে আতঁ অনুষ্ঠানত সভাপতি ডাঃ উমেশ চক্ৰৱৰ্তী, আশ্ৰমৰ বাবা জ্ঞানানন্দ ব্ৰহ্মচাৰী,পঞ্চায়ত সদস্য দিলীপ কুমাৰ তালুকদাৰ ,আশ্ৰমৰ কাৰ্যকৰ্তা দিগন্ত মিশ্ৰ, ৰমেন তালুকদাৰ সহ ভালেমান ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত বিধায়ক অশোক শৰ্মাই কয় যে উন্নয়নৰ দিশত নলবাৰী সমষ্টিত আগবাঢ়িছে। আমাৰ সাংসদ দিলীপ শইকীয়াই নলবাৰীক উন্নয়নত প্ৰাধান্য দিছে। তেনেদৰে আমিও বিধায়ক হিচাপে কাম কাজ কৰি আছো। কিন্তু বিৰোধী কংগ্ৰেছে উন্নয়ন দেখি হতবাক হৈ অপ্ৰচাৰত নামিছে। সেয়া ৰাইজে লক্ষ্য কৰি আছে বুলি দোহাৰে ।