
প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা , নলবাৰী : ভাৰতৰত্ন, সমন্বয়ৰ প্ৰতীক,কবি সাহিত্যিক, ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীক আজি দেওবাৰে বাহঁজানীৰ চাৰি পঞ্চায়তকে ধৰি মুঠ দহখন পঞ্চায়তেৰে গঠিত পূৱ নলবাৰী মণ্ডল বিজেপিৰ উদ্যোগত চকবজাৰস্থিত কাৰ্যালয়ত ৰাজহুৱা ভাৱে স্মৰণ কৰা হয়।
আদিতে বাজপেয়ীৰ প্ৰতিচ্ছবিত পুষ্প মাল্যাৰ্পন,বন্তি প্ৰজ্বলন কৰা হয়। মণ্ডল সাধাৰণ সম্পাদক বিনোদ তালুকদাৰে আঁত ধৰা অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,পূৱ নলবাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কল্পনা কলিতা,জিলা বিজেপিৰ উপ সভাপতি জয়ন্ত বুজৰবৰুৱা, কাৰ্যনিৰ্বাহক দেৱজিৎ গোস্বামী,মণ্ডল সভাপতি প্ৰতুল কলিতা, উপসভাপতি সৰ্বেশ্বৰ কলিতা,সাধাৰণ সম্পাদক
ভূপেন ডেকা,পঞ্চায়ত সভাপতি বীৰেণ দাস, অঞ্জনজ্যোতি তালুকদাৰ, তপন শৰ্মা,আৰতি বৈশ্য,আঞ্চলিক সদস্য জয়দেৱ দাস,যুৱ নেতা অঞ্জন শৰ্মা,নিহাৰ ভৰালী, হীৰকজ্যোতি দাস, সহ ভালেমান কৰ্মী প্ৰয়াত প্ৰধানমন্ত্ৰী বাজপেয়ীক স্মৰণ কৰে।
অনুষ্ঠানত বিধায়ক অশোক শৰ্মাই ভাষনত কয় যে অটল বিহাৰী বাজপেয়ী ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ হৃদয়ত জননেতা হিচাপে স্থান লাভ কৰিছিল।
দেশৰ উন্নয়নৰ দিশতে নহয় প্ৰতিটো দিশত ৰাইজৰ আদৰৰ হৈছিল।এনে এজন ব্যক্তিৰ আদৰ্শৰে নৱ প্ৰজন্মই আগবাঢ়ি কাম কৰিলেহে দেশৰ উন্নতি হব বুলি দোহাৰে।
ইফালে জিলা বিজেপিৰ কাৰ্যালয়তো অনুষ্টুপীয়াকৈ উপ সভাপতি জয়ন্ত বুজৰবৰুৱা, হিমান ডেকা, সম্পাদক দ্বীপেন কলিতা, মহেশ বৰ্মন, যুৱ নেতা তৌফিকুল হক চৌধুৰী সহ ভালেমান কৰ্মী বাজপেয়ীৰ প্ৰতিচ্ছবিত পুষ্প মাল্যাৰ্পন, বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰে |