অসমশীৰ্ষ

নলবাৰীত ৰাজ্যিক শোক দিৱস পালন

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা, নলবাৰী : নলবাৰী জিলা প্ৰশাসনৰ দ্বাৰা আজি ৰাজ্যিক শোক দিৱস পালন কৰা হয় ।

২০০৮ চনত ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত নিহত হোৱা কেবাগৰাকী ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ লোকৰ মৃত্যু হোৱা ঘটনাৰ স্মৃতিত প্ৰতিবছৰে ১৬ আগষ্ট তাৰিখে ৰাজ্যিক শোক দিৱস পালন কৰা হয় ।

সেইমৰ্মে আজি নলবাৰী জিলাৰ উপায়ুক্তৰ সভাকক্ষত আজি জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীক শোক দিৱসৰ শপত বাক্য পাঠ কৰোৱায় অতিৰিক্ত উপায়ুক্ত চন্দনা বৰুৱাই।

শপত লোৱা হয় সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ । শপত বাক্য পাঠ কৰাৰ পিছত মৃতকসকলৰ আত্মাৰ শান্তিৰ বাবে এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয় ।

আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি উত্তোলন কৰা হয় । জিলা প্ৰশাসনৰ লগতে নলবাৰী জিলা পৰিষদ, গড়কাপ্তানি গৃহ বিভাগ , জিলা তথ্য আৰু জনসংযোগ বিভাগ, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ,শ্ৰম বিষয়াৰ কাৰ্যালয়, জনস্বাস্থ্য কাৰিকৰী আদিকৰি বিভিন্ন বিভাগেও ৰাজ্যিক শোক দিৱস পালন কৰে।

Related Articles

Leave a Reply

Close