অসমশীৰ্ষ

পশ্চিম কাৰ্বি আংলঙৰ মাইলুত মহিলাৰ মৃতদেহ উদ্ধাৰ। হত্যাৰ সন্দেহ নাৱাইবিলবাসীৰ

প্ৰথম খবৰ, কনক দেউৰী, খেৰণি : পশ্চিম কাৰ্বি আংলঙৰ মাইলুত চাঞ্চল্যকৰ ঘটনা। মাইলুৰ নাৱাইবিলত মহিলাৰ মৃতদেহ উদ্ধাৰ।

মাইলু উপ-আৰক্ষী চকী অন্তৰ্গত ১ নম্বৰ নাৱাইবিল গাঁওস্থিত ষঠ পূজা ঘাটতৰ কপিলী নৈত উদ্ধাৰ হয় মৃতদেহটো।

মৃত মহিলাগৰাকী চাৰি নম্বৰ নাৱাইবিল গাওঁৰ উৰ্মিলা দেৱীৰ (২০) বুলি ইতিমধ্যে চিনাক্ত কৰিছে মহিলাগৰাকীৰ পিতৃ আৰু আৰক্ষীয়ে।

কিছুদিন পূৰ্বে ১ নম্বৰ নাৱাইবিলৰ বিনোদ চৌহানৰ পুত্ৰ অনিল চৌহানৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল উৰ্মিলা দেৱী। অনিল চৌহানৰ সৈতে প্ৰথমে প্ৰেম আৰু পাছত দুয়োৰে মাজত হৈছিল সামাজিক বিবাহ।

কিন্তু উল্লেখযোগ্য যে যোৱা শুক্ৰ বাৰৰ পৰা স্বামীগৃহৰ পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী। আৰু আজি পুৱা প্ৰায় ৮ মান বজাত হঠাৎ কপিলী নৈৰ পানীত উদ্ধাৰ হয় উৰ্মিলাৰ মৃতদেহ।

গুৰুত্বপূৰ্ণ যে মৃতদেহ উদ্ধাৰৰ পাছতেই স্থানীয় ৰাইজে মহিলাগৰাকীক কোনো লোকে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে ।

ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰু অনুসন্ধান আৰম্ভ কৰিছে  আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close