অসমশীৰ্ষ

বিদেশী সমস্যাক লৈ কিমান ছিৰিয়াছ সোণোৱাল চৰকাৰ? ফলাফলৰ ১০ মাহৰ পিছতো নাপালে নিযুক্তি পত্ৰ, বিদেশী ন্যায়াধীকৰণৰ ১৬০০ নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতাৰণা

নিউজ ডেস্ক, প্ৰথম খবৰ: আজিৰেপৰা প্ৰায় ৪ বছৰ পূৰ্বে অৰ্থাৎ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন ক্ষমতালৈ অহাৰ প্ৰাকমূহুৰ্তত প্ৰতিশ্ৰুতি দিছিল অসমৰপৰা অবৈধ বিদেশী বহিস্কাৰ কৰাৰ। আনকি ২০১৪ চনতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ১৬ মে’ৰ পিছত অবৈধ বিদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি হুংকাৰ দিছিল।

কিন্তু তেনেকুৱা কেইবাটাও ১৬ মে’ পাৰ হৈ গ’ল অথচ বিদেশী খেদাৰ বিষয়তো গুৰুত্ব সহকাৰে নল’লে চৰকাৰে। বিদেশী সমস্যাক লৈ সোণোৱাল চৰকাৰ কিমান ছিৰিয়াছ তাক লৈও এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। কেৱল বিদেশী সমস্যাক লৈয়ে নহয় নিবনুৱা সমস্যাক লৈও উদাসীন চৰকাৰ।

প্ৰতিশ্ৰুতি আছিল ক্ষমতালৈ আহিলে ৫৫ হাজাৰ চাকৰি দিয়াৰ। কিন্তু আপুনি শুনি আচৰিত হ’ব পৰীক্ষাৰ ফলাফলৰ ১০ মাহৰ পিছতো ১৬০০ চাকৰি প্ৰত্যাশিক আজি পৰ্যন্ত নিযুক্তি পত্ৰ দিবলৈ সক্ষম নহ’ল সোণোৱাল চৰকাৰ।

এতিয়া জানি লওক আচল কাহিনী। ৰাজ্যত নতুনকৈ গঠন হ’বলগীয়া ২০০খন বিদেশী ন্যায়ধীকৰণৰ বাবে ২০১৯ চনৰ জুন মাহত ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডে বিভিন্ন পদৰ বাবে দিছিল বিজ্ঞাপন। সেই অনুসৰি উচ্চ বৰ্গৰ সহায়ক- গাণনিকৰ ২০০টা পদ, নিম্ন বৰ্গ সহায়কৰ ২০০ পদ, তৃতীয় বৰ্গৰ ষ্টেন’গ্ৰাফাৰ ২০০টা পদ, টাইপিষ্টৰ বাবে ২০০টা পদ, ডেটা এণ্ট্ৰী অ’পাৰেটৰৰ ৪০০টা পদ, কপিষ্টৰ ২০০টা পদৰ বাবে বিচৰা হৈছিল আবেদন।এই পদসমূহৰ বাবে একেটা বৰ্ষৰে ১১ আগষ্টত পৰীক্ষা পাতি ১৯ ছেপ্তেম্বৰত ফলাফল দিছিল ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডে।

ফলাফল ওলোৱাৰ পিছতেই বহুতেই ব্যক্তিগত চাকৰি এৰি সাজু হৈছিল চৰকাৰী চাকৰিৰ বাবে। তেনেকৈয়ে দিন বাগৰিল, মাহ বাগৰিল। ফলাফল ওলোৱাৰ ১ বছৰ হ’বৰ হল কিন্তু নিযুক্তি প্ৰত্ৰ নাপালে নিৰ্বচিত প্ৰাৰ্থীসকলে। চৰম প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ বলি হ’ল ১৬০০ চাকৰি প্ৰত্যাশীয়ে। কাৰণ বহুতেই চৰকাৰী চাকৰিৰ আশাত ব্যক্তিগত খণ্ডৰ চাকৰি ত্যাগ কৰাত জীৱিকা বন্ধ হৈ এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে।

আনকি চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰিও প্ৰতিবাদত বহিব লগা হৈছে বঞ্চিত প্ৰাৰ্থীসকল। তদুপৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছতো কোনো সহাৰি নাপাই এতিয়া ভাগি পৰিছে উত্তীৰ্ণ প্ৰাৰ্থীসকল। এক প্ৰকাৰ পানীত হাঁহ নচৰা অৱস্থা এতিয়া বহু উত্তীর্ণ প্ৰাৰ্থীৰ পৰিয়ালত। নিবনুৱা যুৱক যুৱতীক লৈ চৰকাৰে কিয় হেতালি খেলিলে তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ। যদি চাকৰি দিবই নোৱাৰে, তেন্তে পৰীক্ষা পাতিছিল কিয় বুলিও এতিয়া প্ৰশ্ন কৰিছে বহুতে। বিষয়টোত মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছে দুৰ্ভগীয়া প্ৰাৰ্থীসকলে।

Related Articles

Leave a Reply

Close