অসমশীৰ্ষ

শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত অৰিয়ানটলি গাৱঁত কেইটামান চানাক কেন্দ্ৰ কৰি স্‌ষ্টি হল উতপ্ত পৰিষ্ঠিতি ৷ৰুপ ললে গোষ্ঠীগত সংঘৰ্ষৰ ৷

প্ৰথম খবৰ, অমিত বনিক, ঢেকিয়াজুলি : একাংশ দুব্‌ত্তই দলবদ্ধভাৱে নিশা গাওঁখনৰে তপন নাথ নামৰ এগৰাকী ব্যক্তিৰ ঘৰত চলালে তাণ্ডৱ ৷কথমপি প্ৰাণ ৰক্ষা অসহায় পৰিয়ালটোৰ ৷ঘটনাস্থলীত বহুপলমকৈ উপস্থিত হৈ কেইবাঘণ্টাৰ পিছত নিয়ন্ত্ৰণ কৰে পৰিষ্ঠিতি ৷আৰক্ষীক আক্ৰমণ একাংশ দুব্‌ত্তৰ ৷

জানিব পৰা মতে শনিবাৰে সন্ধিয়া সময়ত চানা ব্যৱসায়ী পিংকু ৰাজবংশী নামৰ এজন যুৱকে চানা বিক্ৰী কৰি থকাৰ সময়ত মদ্যপান কৰি অহা এজন যুৱকে চানা কিনিবলৈ আহি এক হুলস্থূলীয়া পৰিবেশ স্‌ষ্টি কৰাত গাওঁখনৰে তপন নাথৰ পুত্ৰ যুগল নাথে মদ্যপান কৰা লোক জনে হুলস্থূলীয়া পৰিবেশ স্‌ষ্টি কৰাৰ বাবেই চানা ব্যৱসায়ী গৰাকীক চানা শেষ হৈ গল বুলি ঘৰলৈ পঠাই দিয়াত মদ্যপান কৰা লোক জন এই কথাত খৰ্গগ্ৰস্ত হৈ যুগল নাথৰ সৈতে কাজিয়াত লিপ্ত হৈ ৷

আৰু তাৰপিচতেই এই কাজিয়াই গোষ্ঠীগত সংঘৰ্ষলৈ ৰুপ লৈ অঞ্চলটোত ৷এই চানাক কেন্দ্ৰ কৰি স্‌ষ্টি হোৱা কাজিয়া কথা (চাহ জনজাতি)গাৱঁত বিয়পি পৰাত হাতে হাতে জাঠি জুং দা লাঠি লৈ যুগল নাথক বিছাৰি একাংশ লোক ওলাই আহি যুগল নাথৰ ঘৰত আক্ৰমণ চলাই ৷ পাথৰ মাৰি এফালৰ পৰা ঘৰৰ দৰ্জা খিৰিকীৰ গ্লাছ লণ্ড ভণ্ড কৰে দুব্‌ত্তৰ দলে ৷

আৰক্ষীৰ উপস্থিতত দুব্‌ত্তৰ দলে এফালৰ পৰা যুগল নাথক বিছাৰি চলাই তাণ্ডৱ ৷কথমপি ঘৰৰ এটা চূকত লুকাই প্ৰাণ ৰক্ষা কৰে দূৰ্ভগীয়া পৰিয়ালটোৱে ৷এই আক্ৰমণত মূল্যৱান সা সামগ্ৰী নষ্ট হৈ পৰিয়ালটোৰ ৷

ঘটনা স্হলীত বহু পলমকৈ উপস্থিত হোৱা আৰক্ষীয়ে কেইবাঘণ্টাৰ পিছত এই যুদ্ধ সদ্‌শ পৰিষ্ঠিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

বৰ্তমানলৈকে এই ঘটনাত জড়িত কোনো লোককে আৰক্ষীয়ে আটক কৰা নাই যদিও অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে আৰু অঞ্চলটোত পূনৰ গোষ্ঠীগত সংঘৰ্ষ স্‌ষ্টি হোৱাৰ আশংকা কৰিছে স্হানীয় ৰাইজে

Related Articles

Leave a Reply

Close