অসমশীৰ্ষ

স্বাস্থ্য বিভাগৰ নীতি নিয়ম মানি চলক সকলোৱে- উপায়ুক্ত পূৰবী কোঁৱৰ পূৱ নলবাৰীৰ দহ পঞ্চায়ততে কভিড শ্বোৱাব পৰীক্ষা সম্পন্ন

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা,নলবাৰী : পূৱ নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত বাহঁজানীৰ চাৰি পঞ্চায়তকে ধৰি মুঠ দহখন পঞ্চায়ততে বুধবাৰে কেইবাসহস্ৰাধিক ৰাইজৰ কভিড ১৯ ৰ শ্বোৱাব পৰীক্ষা কৰা হয়।

ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক মন্ত্ৰী পিয়ুজ হাজৰিকাৰ নিৰ্দেশত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, উপায়ুক্ত পূৰবী কোঁৱৰ, নলবাৰী ৰাজহঁ চক্ৰ বিষয়া বনশ্ৰী ডেকা,জিলা আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ,জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচু, অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ অৰুণ বৰ্মনৰ উদ্যোগত আৰু নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,পূৱ নলবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নিশিনাথ শৰ্মা,এলেকাধীন চিকিৎসক,চিকিৎসাকৰ্মী সকলৰ তৎপৰতাত এই পৰীক্ষা হয়।

অনুষ্ঠানত পঞ্চায়ত সভানেত্ৰী আৰতি বৈশ্য, নমিতা দাস, জোনমণি বৈশ্য তালুকদাৰ, ৰীতা ডেকা, ৰুক্মিণী কলিতা, লাবণ্য নাথ, বীৰেণ দাস, তপন শৰ্মা, অঞ্জনজ্যোতি তালুকদাৰ,
মুকুতৰ ৰহমান, পূৱ নলবাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কল্পনা কলিতা, উপ সভাপতি হিতেশ তালুকদাৰ, আঞ্চলিক সদস্য বংকিম শৰ্মা, জয়দেৱ দাস, জছিম আলী, নিৰোদ ডেকা, ৰাজীৱ দাস, গীতাঞ্জলী দাস, হিৰণ্য বৰ্মন, লতিকা ৰাজবংশী সহ পঞ্চায়ত সদস্য, সদস্যা সকলে সহযোগ আগবঢ়াই।

অনুষ্ঠানৰ ভাব প্ৰকাশ কৰি জিলা উপায়ুক্ত পূৰবী কোঁৱৰে কয় যে ক’ৰোনা ভাইৰাছ মাৰাত্মক নহয়। কিন্তু এচামে চৰকাৰৰ স্বাস্থ্য বিভাগৰ নীতি নিয়ম নামানি মহামাৰী ৰূপ কৰি দিলে। গতিকে স্বাস্থ্য বিভাগৰ নীতি নিয়ম মানি সাবধান হোৱা প্ৰয়োজন। তেতিয়া তাক ৰোধ কৰিবলৈ সক্ষম হোৱা যাব বুলি মন্তব্য কৰে।

Related Articles

Leave a Reply

Close